মোদীৰ বুলেট ট্ৰেইনত উঠিবলৈ পোৱাৰ আশা ভুলতো নকৰিব
অহা জনমতহে মোদীৰ বুলেট ট্ৰেইনত উঠিবলৈ পোৱাৰ আশা আছে
উপৰুৱাকৈ চাবলৈ গ’লে গুৱাহাটীলৈ বুলেট ট্ৰেইনৰ চলাচল আশাৰ বতৰা৷ বুলেট ট্ৰেইনৰ জৰিয়তে দিল্লীলৈ ৮ ঘণ্টাতে ভ্ৰমণ কৰিব পৰা হ’ব৷ এই কথাটো শুনিবলৈহে ভাল৷ কিন্তু আমাৰ বাবে নিৰাশাৰ খবৰ এয়াই যে জীৱনৰ বাকী থকা বছৰকেইটাত বেছিভাগ লোকেই এই উন্নতি দেখিবলৈ নাপাব৷ কিয়নো অহা ৩০ বছৰৰ ভিতৰত বুলেট ট্ৰেইন চলাচলৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা নাই৷ মোদীয়ে ঘোষণা কৰা বুলেট ট্ৰেইন বৰ্তমানৰ ৰে’ল লাইনটোতে চলিব নোৱাৰে৷ তাৰ বাবে লাগিব এটা ডেডিকেটেড হাইস্পীড ট্ৰেক৷ সেইটো নিৰ্মাণ কৰাৰ আগতে ছাৰ্ভে কৰিব লাগিব৷ তাৰোপৰি ভূমি অধিগ্ৰহণৰ বাবেও লাগিব কমেও ১০ বছৰ৷ গতিকে বুলেট ট্ৰেইনত উঠিবলৈ এতিয়াই মন মেলি একো লাভ নাই৷ বিষয়টো এতিয়াও পৰিকল্পনাই কৰি থকা হৈছে৷ তাৰোপৰি বুলেট ট্ৰেইনৰ পথ নিৰ্মাণ কৰাত মোদী চৰকাৰ আগতেও বিফল হৈছে৷ বৰ্তমান মুম্বাইৰ পৰা আহমেদাবাদলৈকে মাত্ৰ ৫০৮ কিলোমিটাৰ দূৰত্বৰ বুলেট ট্ৰেইনৰ ট্ৰেক নিৰ্মাণৰ কাম চলি আছে৷ কামটো আৰম্ভ হৈছিল ২০১৭ চনৰ ১৪ ছেপ্টেম্বৰত৷ শেষ হ’ব ২০৩০ চনত৷ অৰ্থাৎ ৫০৮ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে লাগিব ১২ বছৰৰো অধিক সময় লাগিব৷ মোদীয়ে পথটো সম্পূৰ্ণ নোহোৱাকৈ ২০২৭ চনতে এটা অংশ উদ্বোধন কৰিব৷ সেই হিচাপে দিল্লীৰ পৰা গুৱাহাটীলৈ ৰে’লপথৰ দূৰত্ব হৈছে ১,৯৪১ কিলোমিটাৰ৷ অৰ্থাৎ মুম্বাই-আহমেদাবাদ দূৰত্বৰ প্ৰায় চাৰিগুণ৷ যদি মাত্ৰ ৫০৮ কিলোমিটাৰ পথ নিৰ্মাণত ১২ বছৰ লাগিছে তেন্তে ইয়াৰ চাৰিগুণ দীৰ্ঘ পথ সাজিবলৈ মোদী চৰকাৰক লাগিব কমেও ৪৮ বছৰ৷ ভৱিষ্যতে উন্নত প্ৰযুক্তিৰে পথ নিৰ্মাণৰ সম্ভাৱনাৰ কথা ভাবিলেও ৩০ বছৰ লাগিবই৷ মুঠতে এই সময়ছোৱাৰ আগতে অসমলৈ বুলেট ট্ৰেইন ট্ৰেকৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আশা নাই৷
গতিকে অসমৰ ৰাইজে এতিয়া বুলেট ট্ৰেইনত উঠিবলৈ পোৱাৰ হাবিয়াস কৰি একো লাভ নাই৷ অসমৰ বৰ্তমান চেঙেলীয়া প্ৰজন্মটো আদহীয়া হোৱাৰ সময়তহে বুলেট ট্ৰেইনৰ ট্ৰেক নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি ক’ব পাৰি৷ এতিয়া যিসকলৰ ৬০ বছৰ হৈছে তেওঁলোকে জীৱনকালত বুলেট ট্ৰেইনত উঠিবলৈ পোৱাৰ আশা নাই৷ সেয়ে এতিয়া চৰকাৰে ফটাঢোল কোবাই যিমানে প্ৰচাৰ চলালেও আপোনালোকে বুলেট ট্ৰেইনত উঠাৰ আশা ভুলতো নকৰিব৷ বৰ্তমান চৰকাৰে বুলেট ট্ৰেইনৰ ঘোষণা কৰিছে যদিও চলি থকা ৰে’লবোৰৰ সুবিধাই অসমক দিয়া নাই৷ ক’ভিডৰ সময়ত বন্ধ কৰি দিয়া ৰে’ল এতিয়ালৈ বন্ধ হৈয়েই আছে৷ আনকি শিৱসাগৰৰ দৰে ঐতিহ্যপূৰ্ণ স্থানতো ৰাজধানী এক্সপ্ৰেছৰ ষ্ট’পেজ দিয়া নাই ৰে’ল বিভাগে৷ গতিকে বুলেট ট্ৰেইন চলালেও অসমৰসাংঘাতিক লাভ হ’ব বুলি ভবাটো হৈছে সত্যৰ চৰম অপলাপ৷
আনহাতে অসমত ফ’ৰলেন নিৰ্মাণৰ সময়তে বিভাগীয় কৰ্তৃপক্ষৰ কামৰ নমুনা ধৰি পৰিছে৷ আন ৰাজ্যত চাৰিবছৰতে হোৱা ফ’ৰলেন অসমত সম্পূৰ্ণ কৰিবলৈ ১০ বছৰৰো বেছি সময় লাগিল৷ সেইফালৰ পৰা চাবলৈ গ’লে অহা ৫০ বছৰৰ ভিতৰত অসমত বুলেট ট্ৰেইনৰ ট্ৰেক নিৰ্মাণ হোৱাৰ আশা নাই৷ আনহাতে অসমত এতিয়াও ৰে’লৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱা নাই৷ দেশৰ প্ৰতিখন ৰাজ্যতে ট্ৰেকৰ বৈদ্যুতিকীকৰণ দ্ৰুতগতিৰে হৈছে৷ কিন্তু অসমত ৪৯ শতাংশ কৰিয়েই কাম বন্ধ কৰি থৈছে ৰে’ল বিভাগে৷ সেয়ে বুলেট ট্ৰেইনৰ ট্ৰেকৰ কাম শীঘ্ৰে হ’ব বুলি ভাবি আকাশত চাংপতাৰ দৰে ভুল নকৰিব৷ কাম দেৰিকৈহে হ’ব৷



