প্ৰেমৰ শক্তি ব্ৰহ্মপুত্ৰৰ সোঁততকৈয়ো বেছি
তথাপি প্ৰশ্ন হয়- প্ৰেম কিমান শক্তিশালী
এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ আপুনি আমাৰ প্ৰতিবেদন চাব লাগিব৷ প্ৰথমে এই মহিলাগৰাকীলৈ চাওক৷ হাঁহি থকা মহিলাগৰাকীৰ বয়স কিছু হৈছে৷ তেওঁ এবাৰ বিয়াও হৈছিল৷ প্ৰথম স্বামীৰ ফালৰ পৰা তেওঁৰ ৬টাকৈ সন্তান আছে৷ মহিলাগৰাকী বৰ্তমান ৫০ বছৰীয়া৷ কিন্তু তেওঁ মনেৰে গাভৰুৱেই হৈ আছিল৷ স্বামী বয়সীয়াল যদিও মহিলাগৰাকীৰ মনটো হৈ আছিল তেনেই চেঙেলীয়া৷ তেওঁ ঘৰলৈ যোৱা সকলো পুৰুষক স্পৰ্শ কৰাৰ চেষ্টা কৰিছিল৷ মাজতে মহিলগৰাকীৰ ঘৰত এদল মিস্ত্ৰীয়ে কাম কৰিছিল৷ ঘৰৰ গে’ট সজাৰ কাম কৰিছিল ডেকা মিস্ত্ৰীয়ে৷ সেই মিস্ত্ৰীজনকে বোৱাৰীগৰাকীৰ ভাল লাগি গ’ল৷ স্বামী ঘৰত নথকা সময়ত মিস্ত্ৰীৰ সৈতে কথা পাতিবলৈ ধৰিলে বোৱাৰীজনীয়ে৷ মিস্ত্ৰীয়েও কৰনি চলোৱাৰ সলনি বোৱাৰীৰ সৈতে কথা পাতি থাকিবলৈ ধৰিলে৷ তেওঁলোক লাহে লাহে প্ৰেমত কাতৰ হৈ পৰিল৷ ইমানদিনে প্ৰকৃত প্ৰেমৰ সন্ধান কৰি থকা মহিলাগৰাকীয়ে বিচাৰি পালে মনৰ মানুহজন৷ দুয়ো ৰোমাঞ্চৰ সাগৰত সাঁতুৰি ফুৰিব ধৰিলে৷ তাৰ পিছত মিস্ত্ৰীয়ে দিয়া নিৰ্দেশ অনুসৰি বৃদ্ধা প্ৰেমিকাই স্বামীৰ সৈতে ডিভ’ৰ্চ কৰিলে৷
মকলি হোৱাৰ লগে লগে ভালদিন চাই প্ৰেমিকাক মিস্ত্ৰী প্ৰেমিকে মন্দিৰলৈ নিলে৷ তাতে থূলমূলকৈ পাতিলে বিয়া৷ ইমানদিনৰ অভিলাষ পূৰণ কৰি আনন্দিত হৈ পৰিল মহিলাগৰাকী৷ স্বামীৰ সৈতে সংসাৰ কৰি তেওঁ বৰ অসুখী হৈ আছিল৷ মিস্ত্ৰী যুৱকজনে তেওঁক অস্থিৰতাৰ পৰা মুক্তি দিলে৷ কিন্তু মিস্ত্ৰী প্ৰেমিকৰ ঘৰত নিষেধ কৰা হ’ল বোৱাৰীজনীৰ প্ৰৱেশ৷ কাৰণ ৫০ বছৰীয়া মহিলাক বিয়া পতা যুৱকজন ২২ বছৰীয়াহে৷ প্ৰেমৰ জালত তেওঁ প্ৰেমিকাৰ বয়সৰ বিষয়ে খবৰেই নল’লে৷ মাত্ৰ বিয়াহে পাতিলে৷ অৱশ্যে প্ৰেমিকাৰ বয়সৰ বাবে যুৱকজনৰ কোনো আপত্তি নাই৷ তেওঁ প্ৰেমিকাক এতিয়াও গাভৰু ছোৱালী বুলিয়েই ভাবে৷ কিন্তু যুৱকজনৰ পৰিয়ালে ৫০ বছৰীয়া বোৱাৰীক ঘৰত সোমাবলৈ কোনোপধ্যে অনুমতি দিব নোৱাৰে৷
এই সমস্যাৰ বাবে নতুন পত্নীৰ সৈতে চহৰৰে ভাৰাঘৰত থাকিবলগা হৈছে যুৱকজন৷ তেওঁৰ পত্নী বৰ্তমান গৰ্ভৱতী৷ তাৰোপৰি প্ৰাক্তন স্বামীৰ ফালৰ ৬ সন্তানৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক আছে৷ তেওঁৰ তিনি সন্তানৰ বয়স দ্বিতীয় স্বামীতকৈ বেছি৷ তথাপি যুৱকজনে একো আপত্তি কৰা নাই৷ কাৰণ তেওঁ ভালপাই পাতিছে বিয়া৷ মহিলাগৰাকীয়ে দ্বিতীয় স্বামীৰ মৰম পাই একেবাৰে আলসুৱা হৈ পৰিছে৷ এই আজব সংসাৰখন চাবলৈ কাটিহাৰ জিলাত ভিৰ কৰিছে অজস্ৰ লোকে৷ ইণ্টাৰভিউ দিবলগীয়া হৈছে ন-দম্পত্তিয়ে৷
ঘৰৰ মানুহে প্ৰৱেশ নিষিদ্ধ কৰিলেও গাঁৱৰ সমনীয়াই যুৱকজনক ৰাজকীয় আদৰণি জনাইছে৷ গাঁৱত সোমোৱাৰ লগে লগে ফুল ছটিয়াই আদৰণি জনোৱা হৈছে ৫০ বছৰীয়া প্ৰেমিকাক৷ কিন্তু তেওঁলোকৰ শান্তি হোৱা নাই৷ কাৰণ ঘৰৰ পৰা দূৰৰ ভাৰাঘৰত থাকিবলগীয়া হৈছে যুৱকজন৷ তেওঁ বিয়াৰ পিছত নতুন উদ্যমেৰে কৰিবলৈ ধৰিছে মিস্ত্ৰী কাম৷ বৃদ্ধ পত্নীক সুখত ৰাখিবলৈ যুৱকজনে দিন-ৰাতি একাকাৰ কৰিছে৷ তেওঁলোকে টোকোৰা চৰাইৰ দৰে আটোম টোকাৰিকৈ গঢ়িছে সুখৰ সংসাৰখন৷ কোনে কি কৈছে তাৰ প্ৰতি যুৱকজনে গুৰুত্ব দিয়া নাই৷ ৫০ বছৰীয়া প্ৰেমিকাক সুখত ৰাখিবলৈ তেওঁ কষ্ট কৰিবলৈ সাজু হৈ আছে৷



