কেৰালাত চলিব জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে তদন্ত
আই এ এছ বিষয়াৰ কাৰ্যকালৰ অভিযোগৰ অনুসন্ধান আৰম্ভ
নিৰ্বাচন আয়ুক্ত হিচাপে কৰা যিকোনো কামৰ বাবে জ্ঞানেশ কুমাৰ শাস্তিৰ সন্মুখীন নহয়৷ আইন অনুসৰিয়েই অৱসৰৰ পিছতো জ্ঞানেশ কুমাৰ সুৰক্ষিত৷ তথাপি জ্ঞানেশ কুমাৰ শাস্তিৰ পৰা বাচিব নোৱাৰে৷ নিৰ্বাচন আয়ুক্ত হোৱাৰ পূৰ্বে আই এ এছ বিষয়াৰ কাৰ্যকালত উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ বাবে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে তদন্ত হ’ব৷
তেওঁ দিল্লীলৈ যোৱাৰ পূৰ্বে আছিল কেৰালা কেডাৰৰ আই এ এছ বিষয়া৷ সেই সময়ত জ্ঞানেশ কুমাৰে কেৰালাৰ লোকনিৰ্মাণ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৬ চনত কেৰালা ৰাজ্যিক পৰিবহণ প্ৰকল্পৰ অধীনত ইণ্ডো-মালয়েছিয়া কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠান এটাই ৰাজ্যখনৰ এম চি ৰোডৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল৷
অভিযোগ অনুসৰি সেই কামৰ বাবে জ্ঞানেশ কুমাৰে বহু বেছি কমিছন দাবী কৰিছিল৷ তেতিয়া সচিব জ্ঞানেশ কুমাৰ আৰু মালয়েছিয়াৰ কোম্পানীটোৰ মুৰব্বী লী ছি বিনৰ মনোমালিন্য হয়৷ এই প্ৰসংগটোৰ বাবেই বদনামী হোৱা লী ছি বিনৰ মৃত্যু ঘটিছিল৷
তেতিয়া তেওঁ লিখি থৈ যোৱা টোকাত জ্ঞানেশ কুমাৰৰ নামো উল্লেখ আছে৷ বিষয়টো সন্দৰ্ভত কেৰালাৰ তদানীন্তন বাওঁফ্ৰণ্টৰ চৰকাৰে তদন্তও আৰম্ভ কৰিছিলl কিন্তু অদৃশ্য শক্তিৰ বলত তদন্ত আধাতে বন্ধ হ’ল৷
কিন্তু জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ সময়ত বৰ্তমান কেৰালাত শাসন কৰি আছে কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে। ছেগ বুজি ৰাজ্যখনৰ গৃহমন্ত্ৰী ৰমেশ চেনিথালাই জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ভিজিলেন্সৰ তদন্ত ঘোষণা কৰিছে৷
ইতিমধ্যে লী ছি বিনৰ মৃত্যুৰ তদন্তৰ ফাইলটোও উদ্ধাৰ কৰা হৈছে৷ গতিকে তদন্তৰ সন্মুখীন হ’ব লাগিব জ্ঞানেশ কুমাৰ৷ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে যিমান সাংবিধানিক ৰক্ষাকৱচ পালেও বিগত কালৰ অভিযোগৰ বাবে তেওঁৰ বিৰুদ্ধে অনুসন্ধান চলিব৷



