আকৌ বিয়া পাতিবহে ভিক্ষাৰী মৰু মিঞাই

জীয়াই থাকিবলৈ কি কৰে বুলি সুধিলে মৰু মিঞাই ভিক্ষাহে কৰে
ৰাস্তাৰ কাষত বহি ভিক্ষা খুজি মৰু মিঞাই জীৱন অতিবাহিত কৰে৷ কিন্তু দৰিদ্ৰতাই মৰু মিঞাৰ জীৱনৰ পৰা ৰোমাঞ্চ আঁতৰ কৰিব পৰা নাই৷ লুঙী পিন্ধি থকা মৰু মিঞাক দেখিলেই প্ৰেমত পৰা যুৱতীৰো অভাৱ নাই৷ সেয়ে মৰু মিঞাই এইপৰ্যন্ত ২১ বাৰ বিয়াই পাতিলে৷ ল’ৰা-ছোৱালী কিমান জন্ম দিলে তাৰ হিচাপ মৰু মিঞাই পাহৰিলে৷ মৰু মিঞাৰ কেবাজনী পত্নীৰ ইতিমধ্যে মৃত্যুও ঘটিল৷ কিন্তু মৰু মিঞা ৰোমাণ্টিক হৈয়েই আছে৷ আকৌ বিয়া পাতিবলৈ ছোৱালী বিচাৰিহে ফুৰিছে৷ তেওঁৰ সৈতে বিয়া হৈ সতিনী খাটিব বিচৰা যুৱতীৰো অভাৱ নাই৷ বৰ্তমান ২২ নম্বৰ বিয়াখন পাতিবলৈ মৰু মিঞাই কাপোৰ কিনিছে৷
মৰু মিঞাৰ ঘৰ বাংলাদেশত৷ তেওঁ বিৰাট দুখীয়া৷ মৰু মিঞাই বাংলাদেশত দিনত ভিক্ষা কৰি যি পাই সেয়াই একমাত্ৰ উপাৰ্জন৷ কিন্তু ধনৰ দুখীয়া হ’লেও মনৰ ধনী মৰু মিঞা৷ তেওঁৰ স্বভাৱ ৰোমাণ্টিক৷ মৰু মিঞাই সেয়ে কেবাগৰাকী মহিলাৰ সৈতে প্ৰেম কৰিব পাৰে৷ এই গুণটোৰ বাবে মৰু মিঞাৰ পত্নীৰ সংখ্যা গণ্টি কৰিব নোৱাৰা হৈছেগৈ৷ মৰু মিঞা থাকে ছিলেট জিলাৰ এটা ভঙা জুপুৰী৷ তেওঁৰ সৈতে একেটা জুপুৰীতে থাকে ২১ গৰাকী পত্নী৷ অৱশ্যে অনুমানৰ ভিত্তিত পত্নীৰ সংখ্যা ২১ গৰাকী বুলি কৈছে যদিও মৰু মিঞা নিশ্চিত নহয়৷ কেবাগৰাকী পত্নীৰ নাম মৰু মিঞাৰ মনতে নাই৷ মুখখনো মনত নাই৷
পত্নীৰ হিচাপ নজনা মৰু মিঞাই তেওঁৰ সন্তানৰ সংখ্যাও নাজানে৷ তথাপি সন্তানৰ মুঠ সংখ্যা ১০০ পাৰ হ’ব বুলি মৰু মিঞাই ধাৰণা কৰিছে৷ তেওঁ ২০ বছৰ আগতে প্ৰথম বিয়াখন পাতিছিল৷ তাৰ পিছৰ পৰা মৰু মিঞা ৰোৱা নাই৷ এমাহৰ ব্যৱধানত দুবাৰ বিয়া পাতি মৰু মিঞাই ৰেকৰ্ড কৰিছে৷ কেতিয়াবা ভিক্ষা খুজিবলৈ যোৱা লোকৰ ঘৰৰ পৰা মৰু মিঞাই ছোৱালী পলুৱাই আনিছে৷ মৰু মিঞাৰ কেবাগৰাকী পত্নী ধনীঘৰৰ৷ তেওঁলোকক মৰুৱে আশ্বৰ্যকৰভাৱে বশ কৰি পেলাইছিল৷ বৰ্তমান তেওঁৰ পত্নীসকলৰ মৰুৱে আকৌ বিয়া পাতিলেও আপত্তি নাই৷ নতুন সতিনীৰ সৈতে থাকিব বুলি মৰুক পত্নীসকলে প্ৰতিশ্ৰুতি দিছে৷
সেয়ে মৰু মিঞাই ২২ নম্বৰ বিয়াখনো পাতিবলৈ মনস্থ কৰিছে৷ অৱশ্যে মৰু মিঞাই ছোৱালী বিচাৰি পোৱা নাই৷ মৰু মিঞাৰ আগৰ বেছিভাগ পত্নী হৈছে তেওঁলোকৰ এলেকাটোৰে৷ একেলগে ৰাস্তাৰ কাষত ভিক্ষা খোজা লোকৰ কন্যাকো মৰু মিঞাই নিকাহ কৰিছে৷ মৰুৱে প্ৰতিগৰাকী পত্নীকে দিব পাৰিছে শাৰিৰীক সুখ৷ তেওঁৰ সন্তানে স্কুলত নামভৰ্তি কৰাৰ খবৰ মৰু মিঞাই নলয়৷ তেওঁ কৰাৰ ভিতৰত দিনটো কেৱল ভিক্ষা খোজে৷ ভিক্ষা কৰি পোৱা নামমাত্ৰ ধন আৰু খাদ্য খায়েই মৰু মিঞাৰ বিশাল পৰিয়ালটো জীয়াই থাকিব লাগে৷ সেইবুলি মৰু মিঞাই টেনশ্যন লোৱা নাই৷ আকৌ বিয়া পাতিবলৈহে ওলাইছে ভিক্ষাৰী মৰু৷
ছিলেট জিলাৰ মৰু মিঞাৰ পৃথিৱীৰ ভিতৰত সৰ্বাধিক বিয়া পতাৰ লক্ষ্য আছে৷ বিয়া পাতিয়েই থকা মৰু মিঞা শাৰিৰীকভাৱেও সুস্থ নহয়৷ তেওঁ ভিক্ষা খোজাৰ সময়ত গাড়ীয়ে খুন্দিয়াইছিল৷ তেতিয়াৰ পৰা মৰুৰ এখন ভৰি বেয়া হ’ল৷ লেঙেৰাই খোজ কাঢ়িলেও মৰু মিঞাৰ ভাল ছোৱালী আকৰ্ষণ কৰিবলৈ অকণো সময় নালাগে৷ মৰুৱে যাদু কৰি ছোৱালী আকৰ্ষণ কৰে বুলি পত্নীসকলে সন্দেহ কৰে৷ অৱশ্যে মৰু মিঞাই যাদু-মন্ত্ৰ অস্বীকাৰ কৰিছে৷ কথা পাতিয়েই ধুনীয়া ছোৱালীক প্ৰেমত পেলাই বুলি মিঞাই দাবী কৰিছে৷