মানুহজনে গাড়ী চলাই কোনোমতে ঘৰখন চলাই আছিল৷ তেওঁৰ বাবে সবাতোকৈ মৰমৰ আছিল পত্নী৷ নিজে কষ্ট কৰি পত্নীক টোপ পৰিব নিদিয়াকৈ ৰাখিছিল লোকজনে৷ আমি কৈ থকা লোকজনৰ নাম ছফিকুল৷ তেওঁ লোকৰ গাড়ী চলাই গুৱাহাটীত ভাৰা মাৰিছিল৷ উপাৰ্জন কৰা সমস্ত ধন পত্নীৰ হাতত জমা থৈছিল ছফিকুলে৷ স্কুলীয়া শিক্ষা নথকা ছফিকুলে এটা ব্যতিক্ৰমী চিন্তা কৰিছিল৷ তেওঁ কষ্ট কৰি হ’লেও পত্নীক পঢ়ুৱাবলৈ মনস্থ কৰিছিল৷ সেয়ে উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ পত্নীক নাৰ্ছিং প্ৰতিষ্ঠানত নামভৰ্তি কৰি দিছিল৷ কিন্তু এই উদাৰ সিদ্ধান্তটোৱে ছফিকুলৰ ভাগ্য চিৰদিনৰ বাবে সলনি কৰিহে পেলালে৷
ছফিকুলে ভাবিছিল- তেওঁৰ পত্নীয়ে নাৰ্ছ হৈ ঘৰৰ বাবে চিন্তা কৰিব৷ চৰকাৰী চাকৰি কৰি ঘৰখনৰ উন্নতি কৰিব শিক্ষিত পত্নীয়ে৷ সেই আশাৰে ছফিকুলে যিমান পইচা উপাৰ্জন কৰিছিল সকলো পত্নীৰ শিক্ষাৰ নামত খৰচ কৰিলে৷ সন্তান জন্ম দিবলৈয়ো পত্নীক জোৰ নকৰিলে ছফিকুলে৷ নিশা সোনকালে ঘৰলৈ গৈ তেওঁ ভাত ৰন্ধা হ’ল৷ পত্নীক আজৰি কৰি দিয়াৰ বাবে ছফিকুলে ঘৰুৱা কামো কৰিলে৷ দুপইচা বেছিকৈ উপাৰ্জনৰ বাবে ছফিকুলে গুৱাহাটীৰ হাতীগাঁৱত এখন পাচলি দোকানো দিবলৈ ধৰিলে৷
ইমান কষ্ট কৰিও ছফিকুলে একো চিন্তা নকৰিলে৷ পত্নীৰ শিক্ষা সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰিলে উদাৰ ছফিকুলে৷ কিন্তু তেওঁৰ উদাৰতাক যে আধুনিক সমাজে মূৰ্খামী বুলিহে ভাবে সেয়া ছফিকুলে চিন্তা কৰা নাছিল৷ তেওঁ কঁপালৰ ঘাম মাটিত পেলাই পত্নীক পঢ়ালে৷ স্বামীৰ উদাৰতাত মুগ্ধ হৈ পৰিল ছফিকুলৰ পত্নী৷ অৱশেষত ঘৰখনৰ বাবে আহিল সেই বিশেষ দিনটো৷ ছফিকুলৰ চেষ্টাত তেওঁৰ পত্নীয়ে নাৰ্ছিঙৰ ডিগ্ৰী লাভ কৰিলে৷ কিছুদিন গুৱাহাটীৰ এখন নাৰ্ছিংহোমত চাকৰিও কৰিলে ছফিকুলৰ নাৰ্ছ পত্নীয়ে৷
এইবাৰো ছফিকুল ক্ষান্ত নহ’ল৷ তেওঁ আকৌ কষ্ট কৰিবলৈ ধৰিলে৷ চৰকাৰী চাকৰিৰ খবৰ ৰাখিলে ছফিকুলে৷ পত্নীক নিশ্চিন্ত হৈ থাকিবলৈ সুবিধা দি ছফিকুলে গোটালে চৰকাৰী চাকৰিৰ বিজ্ঞাপন৷ আকৌ এবাৰ সফল হ’ল সহজ-সৰল ছফিকুল৷ তেওঁৰ পত্নীয়ে লাভ কৰিলে চৰকাৰী চাকৰি৷ নাৰ্ছ হিচাপে এখন হস্পিতেলত ছফিকুলৰ পত্নী নিযুক্ত হ’ল৷ ঘৰখন ভৰি পৰিল ছফিকুলৰ৷ ইমানদিনে কৰা কষ্টৰ পিছত জিৰণি ল’ম বুলি ভাবিলে ছফিকুলে৷ চলাই থকা টেক্সিখন মালিকক চমজাই নিশ্চিন্ত হ’ল ছফিকুল৷
কিন্তু পত্নীয়ে চাকৰি পোৱাৰ ছমাহ নহ’লেই৷ ছফিকুলৰ মূৰত সৰগ ভাগি পৰিল৷ শেহতীয়াকৈ তেওঁ ঘৰত প্ৰৱেশ কৰি পত্নীক নেদেখিলে৷ ফোনতো পত্নীৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে৷ ছফিকুলক আচৰিত কৰি সন্ধিয়া আহিল এটা মেছেজ৷ য’ত তেওঁৰ পত্নীয়ে প্ৰেমিকৰ সৈতে পলাই যোৱাৰ বিষয়ে ছফিকুলক জনাই দিলে৷ একেখন হস্পিতেলতে কাম কৰা প্ৰেমিকজনৰ সৈতে পলাই গ’ল ছফিকুল৷ তেজ পানী কৰি পত্নীক পঢ়াই আকৌ এবাৰলৈ নি:স্ব হৈ পৰিল বৰপেটাৰ ছফিকুল৷ পত্নীয়ে তেওঁৰ বুকুত মাৰিলে কুঠাৰ৷



