মোদীয়ে সৰুসজাই ষ্টেডিয়ামত চোৱা বাগৰুম্বা নৃত্যৰে এগৰাকী নাচনী আছিল হিমাশ্ৰী বড়ো
হয়, আমি সেই হিমাশ্ৰীৰে কথা ক’বলৈ ওলাইছোঁ
তিঁয়হত তেতেলীপানী মিলাই খোৱাৰ পৰা ইংৰাজী গানত নৃত্য কৰালৈ সকলো ট্ৰেণ্ড ফল’ কৰে অসমৰ কনটেণ্ট ক্ৰিয়েটৰে৷ আশ্বৰ্যকৰভাৱে সেইসকল কনটেণ্ট ক্ৰিয়েটৰৰ দুৰ্ভগীয়া হিমাশ্ৰী বড়োৰ বাবে মাত মাতিবলৈ সময় নাই৷ জাষ্টিচ ফৰ হিমাশ্ৰী বড়ো বুলি কোৱা মানুহৰ সংখ্যা তেনেই তাকৰ৷ অসমৰ এগৰাকী ভূমিপুত্ৰ কন্যাক পাষণ্ডই মাৰি পেলালে৷ ৰে’লত নেফানেফ কৰি হিমাশ্ৰীক গতিয়াই পেলাই দিলে৷ কিন্তু তাৰ পিছতো অসমৰ মানুহ নীৰৱ৷ মুষ্টিমেয় কেইজনমান লোকৰ বাদে কোনেও হিমাশ্ৰীৰ ন্যায়দাবী কৰা নাই৷ কেইটামান নৰাধমে হিমাশ্ৰীৰ চৰিত্ৰহনন কৰিছে৷ ৰাতিৰ ৰে’লত চৰিত্ৰৱান মহিলাই অকলে ভ্ৰমণ নকৰে বুলি কেৰেক্টাৰ চাৰ্টিফিকেট দিছে৷ কিন্তু হিমাশ্ৰীক কোনে মাৰিলে সেইটো সোধাৰ সাহস নাই৷
এই হিমাশ্ৰী বড়োৰ ইমান নৃত্যপ্ৰেমীও নাছিল৷ কিন্তু উপায় নাছিল হিমাশ্ৰীৰ৷ ঘৰখন চলাবলৈ দুপইচা আৰ্জন কৰাৰ সংগ্ৰামত হিমাশ্ৰী ভাগৰি পৰিছিল৷ এই বয়সতে হিমাশ্ৰীয়ে য’তে ত’তে কাম কৰিছিল৷ ধন উপাৰ্জন কৰি বৃদ্ধা মাকক জিৰণি দিব বিচাৰিছিল হিমাশ্ৰীয়ে৷ মাজতে মোদীয়ে যে সৰুসজাইত বাগৰুম্বা নৃত্য উপভোগ কৰিছিল, তাতো হিমাশ্ৰীয়ে নৃত্য কৰিছিল৷ বড়ো লোককৃষ্টিৰ বিশ্ব অভিলেখৰ অংশীদাৰ আছিল হিমাশ্ৰী৷ বহুমুখী প্ৰতিভাসম্পন্ন হিমাশ্ৰীক কোনোবা নৰপিশাচে অন্ধ্ৰপ্ৰদেশত শকত হ’বলৈ গৰুক খুওৱা টেবলেট খুৱালে৷ দৰিদ্ৰতাৰ বাবে প্ৰতিবাদৰ ভাষা হিমাশ্ৰীয়ে পাহৰি পেলাইছিল৷ যেনেকৈ হ’লেও ধন উপাৰ্জনৰ সংগ্ৰাম কৰিছিল হিমাশ্ৰীয়ে৷ কিন্তু নাই, হিমাশ্ৰীৰ বাবে ফে’চবুকত একো আন্দোলনেই নহ’ল৷
এইকেইদিন অন্তত: অসমৰ মহিলা কনটেণ্ট ক্ৰিয়েটৰসকলে জাষ্টিচ ফৰ হিমাশ্ৰী বড়ো বুলি লিখি ফে’চবুক জোকাৰি পেলাব লাগিছিল৷ অসমত যে এইটো ঘটনাৰ বাবে সৰ্বব্যাপী প্ৰতিক্ৰিয়া হৈছে সেইটো দিল্লীৰ চকুত পেলাব পাৰিব লাগিছিল৷ কিন্তু তেনেকুৱা একো নহ’ল৷ এই বিষয়টোত ৰাজ্যিক মহিলা আয়োগৰো কৰণীয় আছিল৷ আয়োগৰ সভানেত্ৰী আঙুৰলতা ডেকাই কাৰ্যভাৰ গ্ৰহণ কৰি প্ৰদৰ্শন কৰিছিল সক্ৰিয়তা৷ মটৰ চাইকেল চলাই তেওঁ নাৰীকুলক সাহসী হোৱাৰ শিক্ষা দিছিল৷ নাৰীৰ স্বাৱলম্বিতা কিমান প্ৰয়োজনীয় তাৰো শিক্ষা দিছিল আঙুৰলতা ডেকাই৷ একাউণ্টত পইচা জমা কৰিব নোৱাৰাপৰ্যন্ত বিয়া হ’ব নালাগে বুলি আঙুৰলতাই ভাষণ দিছিল৷ চাবলৈ গ’লে আঙুৰলতা ডেকাৰ বক্তব্যমতে কাম কৰিছিল হিমাশ্ৰীয়ে৷
কিন্তু কি হ’ল, স্বাৱলম্বী হ’বলৈ কাম কৰি শেষত নৰপিশাচৰ চিকাৰ হ’বলগীয়া হ’ল হিমাশ্ৰী বড়ো নামৰ ২০ বছৰীয়া ছোৱালীজনী৷ আঙুৰলতা ডেকাই নাৰীকুলক পুৰুষৰ ওপৰত নিৰ্ভৰশীল নোহোৱাৰ বাবে আহ্বান জনাইছিল৷ কণমানি হিমাশ্ৰীয়েও মাকক উৰাজাহাজত উঠোৱাৰ সপোন দেখি কাম কৰি আছিল৷ শেষত হিমাশ্ৰী হেৰাই গ’ল৷ মাকৰ সপোন পূৰণ কৰিব নোৱাৰিলে৷ হিমাশ্ৰীৰ হৈ এষাৰ মাত মাতিবলৈ আঙুৰলতা ডেকাৰ সময় নহ’ল৷ তেওঁ থিয়েটাৰ চাই থাকোতে ৰৈ থাকিব নোৱাৰি ষ্টেজত উঠিল৷ আগৰ দৰে আঙুৰলতাই ষ্টেজত হেঁপাহ পলুৱাই নাচিলে৷ তেওঁ নৃত্য কৰক বা গীত গাওক সেয়া ব্যক্তিগত কথা৷ কিন্তু ৰাজ্যিক মহিলা আয়োগৰ সভানেত্ৰী হিচাপে হিমাশ্ৰী বড়োৰ মৃত্যুত আঙুৰলতাৰ কণ্ঠ শক্তিশালী হ’ব লাগিছিল৷ অসমৰ মহিলাক কাম কৰি ধন ঘটিবলৈ উপদেশ দিয়া আঙুৰলতাই কিন্তু একোৱেই নক’লে৷



