ফাঁচীবজাৰৰ মূল আকৰ্ষণ ১০০ টকীয়া কোৰিয়ান টপ
১০ টকীয়া ব্ৰাৰ গ্ৰাহকৰো নাই অভাৱ
উৎসৱৰ বতৰত বাৰু ফাঁচীবজাৰত সচৰাচৰ ভিৰ হৈয়েই৷ কিন্তু এইবাৰ যি পৰিৱেশ হৈছে সেয়া পূৰ্বে কাহানিও হোৱা নাছিল৷ পূজাৰ চাৰিদিন আগৰ পৰাই ফাঁচীবজাৰলৈ দৈনিক কমেও ডেৰলাখ গ্ৰাহক গৈছে৷ গুৱাহাটীত থকা লোকসকলৰ ৭০ শতাংশই ফাঁচীবজাৰৰ পৰা কৰিছে পূজাৰ বজাৰ৷ নগাঁও, মৰিগাঁও আদিৰ লক্ষাধিক লোকে মাৰোৱাৰীৰ দোকান খালি কৰি পেলাইছে৷ এই পৰিস্থিতি আগতে হোৱা নাছিল৷ আনকি বেপাৰীও সাম্প্ৰতিক প্ৰেক্ষাপটত হৈ পৰিছে হতচকিত৷ কাৰণ তেওঁলোকে বান আৰু অৰ্থনৈতিক কাৰণত বজাৰ বেয়া হ’ব বুলি আশংকা কৰিছিল৷ কিন্তু ফাঁচীবজাৰলৈ একাংশ গ্ৰাহক যোৱাৰ মূল কাৰণ হৈছে কোৰিয়ান টপ৷ মধ্যবিত্ত পৰিয়ালৰ যুৱতীয়ে সস্তাতে পাই কোৰিয়ান টপৰ দোকান খালি কৰি দিছে৷ কোৰিয়ান ষ্টাইলৰ টপৰ দাম অনলাইনত কমেও ৩০০ টকা৷ সদায় ব্যৱহাৰ কৰিবলৈ ভাল টপটো ১০০ টকাতে ফাঁচীবজাৰৰ বণিয়াই বিক্ৰী কৰিছে৷ ৰাজস্থানৰ পৰা অহা কোৰিয়ান টপবোৰ কিনিবলৈ উবুৰি খাই পৰা গ্ৰাহকে বণিয়াক দিছে খমখমীয়া নোট৷ এগৰাকী যুৱতীয়েই ১০টাপৰ্যন্ত কোৰিয়ান টপ ক্ৰয় কৰিছে৷ ৰাস্তাৰ কাষতো ঠেলা লগাই গুপ্তা উপাধিৰ এজন বণিয়াই ১০০ টকীয়া কোৰিয়ান টপ বেচিছে৷
তেওঁ আমাৰ ওচৰত প্ৰকাশ কৰা অনুসৰি ১০০ টকীয়া কোৰিয়ান টপ ৰাজস্থানৰ পৰা কেজি হিচাপত অনা হৈছে৷ ১ কেজি কোৰিয়ান টপৰ পাইকাৰী দাম হৈছে ১১০০ টকা৷ পাল্লাত ৫,৫০০ টকা খৰচ কৰি কোৰিয়ান টপ অসমলৈ অনা হৈছে৷ অৰ্থাৎ কোৰিয়ান টপৰ পাইকাৰী দাম হৈছেগৈ প্ৰায় ৩২ টকা৷ সেইবোৰ দোকানীয়ে ১০০ টকাতে বিক্ৰী কৰিব পাৰিছে৷ ৮ টকা খৰচ কৰি অসমলৈ আনিবলগীয়া হ’লেও এটা কোৰিয়ান টপতে ফাঁচীবজাৰৰ বিক্ৰেতাৰ ৬০ টকা লাভ হৈছে৷ গ্ৰাহকেও সস্তাত পাই কিনিছে কোৰিয়ান টপ৷ গৰম দিনত অফিচলৈ যোৱাৰ বাবে উপযোগী টপৰ ষ্টক এবেলাতে খালি কৰি দিছে৷
তাৰোপৰি ফাঁচীবজাৰত এইবাৰ ওলাইছে ১০ টকীয়া ব্ৰা৷ বজাৰত ডেৰশটকীয়া ব্ৰা ১০ টকাতে দিয়া বুলি ফাঁচীবজাৰৰ বিক্ৰেতাই প্ৰকাশ কৰিছে৷ তেওঁলোকে দাবী কৰা অনুসৰি এই ব্ৰাবোৰ ষ্টক খালি কৰাৰ বাবে হাৰিয়ানাৰ কোম্পানীয়ে কমদামতে এৰি দিছে৷ কোম্পানীটোৱে কেজি হিচাপত বিক্ৰী কৰি দিছে কেবা কুইণ্টল ব্ৰা৷ সেয়ে তেওঁলোকে ১০ টকাতে বিক্ৰী কৰিছে বুলি ব্যৱসায়ীয়ে প্ৰকাশ কৰিছে৷ ১০ টকীয়া ব্ৰাৰ গ্ৰাহকো নথকা নহয়৷ ইমান কমদামতে অন্তৰ্বাস লাভ কৰি একাংশ মহিলাই ক্ৰয় কৰিছে কেবাটাও ব্ৰা৷
তাৰোপৰি ফাঁচীবজাৰৰ আকৰ্ষণ হৈছে মুকুতাযুক্ত শাড়ী৷ পূৰ্বে অসমীয়া মহিলাই নিপিন্ধা কাপোৰ ফাঁচী বজাৰৰ জৰিয়তে প্ৰচলিত হৈ পৰিছে৷ তথ্য অনুসৰি অসমলৈ প্ৰথমে জৈন উপাধিৰ ব্যৱসায়ীজনে এইধৰণৰ জিকমিকাই থকা শাড়ী আনিছিল৷ এইবাৰ ফে’চবুকৰ জৰিয়তে শাড়ীখন ভাইৰেল হৈ পৰিছে৷ সেয়ে ফাঁচী বজাৰত বাঢ়িছে ডিমাণ্ড৷ লগতে জিনছৰ চাহিদাও পূৰ্বতকৈ বৃদ্ধি পাইছে৷ জিনছ পৰিধান কৰা যুৱতীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়িছে৷ সেয়ে মহিলাৰ জিনছ বেছিকৈ আনিছে ফাঁচীবজাৰৰ বণিয়াই৷ অৱশ্যে অসমৰ গ্ৰাহকে যিমান সামগ্ৰী কিনিলেও ৰাজ্যৰ অৰ্থনীতিত একো প্ৰভাৱ নপৰে৷ কাৰণ ফাঁচীবজাৰৰ বণিয়াই অসমৰ বাহিৰলৈ প্ৰেৰণ কৰিব ধন৷ গতিকে ফাঁচীবজাৰত লাখ লাখ গ্ৰাহক সোমালেও লাভ নহয় অসমৰ৷



