অসমৰ পিজ্জা ফেক্টৰীৰ ঘৃণনীয় দৃশ্য

পেকেজড পিজ্জা খাই আপুনি বৰ ভাল পাই নেকি
যদি ভাল পাই তেনেহ’লে এই ভিডিঅ’টো চাই লওক
বৰ্তমান পিজ্জাপ্ৰেমীয়ে দোকানত কিনিবলৈ পাই পেকেটত থকা পিজ্জা৷ দোকানীক প্ৰতিদিনে পিজ্জাৰ পেকেট পাইকাৰী বিক্ৰেতাই যোগান ধৰে৷ অসমৰ কেবাখনো নগৰত পেকেজড পিজ্জা উভৈনদী হৈছে৷ আপুনিও যদি পেকেট থকা পিজ্জা স্বাস্থ্যসন্মত বুলি ভাবিছে তেন্তে আজিৰ পৰা সাৱধান হ’ব৷ পিজ্জাৰ নামত কোনোবাই ভৰিৰে ফেনেকা আটা-ময়দাৰ মিশ্ৰণো আপুনি খাই থাকিবলগীয়া হ’ব৷ যদি এতিয়াও আমি কোৱা কথা বিশ্বাস হোৱা নাই তেন্তে এই দৃশ্য চাওক৷ এনেদৰে আটা-ময়দাৰ মিশ্ৰণ ফেনেকি পিজ্জা প্ৰস্তুত কৰাৰ দৃশ্যটো বিহাৰৰ নহয়৷ অসমৰে এটা ফেক্টৰীত এনেকৈ পিজ্জাৰ বাবে প্ৰয়োজনীয় উপকৰণ প্ৰস্তুত কৰা হয়৷ দৰাচলতে পিজ্জা বনাবলৈ অত্যাধুনিক সৰঞ্জামৰ প্ৰয়োজন৷ কিন্তু নতুনকৈ বেপাৰ আৰম্ভ কৰা মিঞা যুৱকে মেচিনৰ সলনি ভৰিৰে কাম চলাইছে৷ তেওঁলোকে এবাৰতে ১০টা পিজ্জাৰ বাবে প্ৰয়োজনীয় মিশ্ৰণ তৈয়াৰ কৰে৷ তাৰ বাবে মেচিনৰ সলনি আটা-ময়দা ভৰিৰে গচকি গচকি মিশ্ৰণ বনোৱা হয়৷
এই মিশ্ৰণ এবাৰতে দিনটোৰ বাবেও তৈয়াৰ কৰি থোৱা হয়৷ সেইখিনি পৰ্যায়ক্ৰমে পিজ্জা বনাবলৈ ব্যৱহাৰ কৰে মিঞা যুৱকে৷ তেওঁলোকে বজাৰত পোৱা আটাইতকৈ কমদামী আচাৰ ব্যৱহাৰ কৰি পিজ্জাৰ প্ৰকৃত সোৱাদ উলিওৱাৰ চেষ্টা কৰে৷ তাৰ লগতে মিঞাই বনোৱা পিজ্জাত দিয়া হয় ছালফিউৰিক এচিডৰ দৰে বিষাক্ত ৰাসায়নিক পদাৰ্থ৷ যাৰ ফলত পিজ্জাটো বহুসময়লৈ কোমল হৈ থাকে৷ সেই পিজ্জা ভালে ৰাখিবলৈ বেলেগকৈ কেমিকেল দিয়ে৷ তাৰ ফলত পিজ্জাত ভেঁকুৰ নধৰে৷ অৱশ্যে পিজ্জা ভালে থাকিলেও এই বিষাক্ত ৰাসায়নিকৰ বাবে খাওতাৰ সাংঘাতিক ক্ষতি হোৱাটো নিশ্চিত৷ জানিব পৰামতে বৰ্তমান নামনি অসমত পেকেজড পিজ্জা জনপ্ৰিয় হৈ পৰিছে৷ মিঞা যুৱকে নতুনকৈ আৰম্ভ কৰা ব্যৱসায়টোৰ লাভৱান হৈছে৷
এই যুৱকসকলে একো চৰকাৰী নিয়ম মানি চলা নাই৷ তেওঁলোকে পুৱাই ভৰিৰে ফেনেকি ফেনেকি আটা-ময়দাৰ মিশ্ৰণ তৈয়াৰ কৰি এচিড দিয়ে৷ বিশেষ এচিডবিধে কোমলাই তোলা মিশ্ৰণটো জোখত কাটি পিজ্জাৰ ৰূপ দিয়া হয়৷ সস্তীয় তেলত ভজা পিজ্জা গৰম হৈ থাকোতে খাবলৈ বেয়া নহয়৷ কিন্তু ঠাণ্ডা হোৱাৰ পিছত পিজ্জাৰ সোৱাদ মুখত দিব নোৱাৰাধৰণৰ হৈ পৰে৷ সেইবোৰ খাই পেটৰ অসুখ হোৱা বুলি গ্ৰাহকে অভিযোগ কৰিছে৷ বৰপেটাৰ হুছেইন উপাধিৰ যুৱকজনে চাৰিজন সহযোগীৰ সৈতে চলাই আছে লোকেল পিজ্জাৰ ফেক্টৰী৷ তেওঁ একো নিয়ম মনা নাই৷ তথাপি হুছেইনৰ পিজ্জা ফেক্টৰীত চলিয়েই আছে৷
পিজ্জা বনোৱাৰ নামত তেওঁলোকে বনাইছে পাউৰুটি৷ দৰাচলতে শুকান পাউৰুটি এগালমান চচ ঢালি পিজ্জা হিচাপে বিক্ৰী কৰা হৈছে৷ তাৰোপৰি টেঙা-মিঠা সোৱাদৰ বাবে যি আচাৰ দিয়া হৈছে সেইবোৰো ম্যাদ ওকলা বুলি ফেক্টৰীত কৰ্মৰত আক্ৰাম আহমেদে স্বীকাৰ কৰিছে৷ বজাৰত সবাতোকৈ কমদামত পোৱা সামগ্ৰী পিজ্জা ফেক্টৰীত ব্যৱহাৰ কৰা হৈছে৷ এই ফেক্টৰীটো চলি থাকিলে অসমৰ পিজ্জা লাভাৰৰ অৱস্থা বেয়া হৈ যাব৷ সদায় পেকেট পিজ্জা খোৱা লোকসকলৰ হাগনি হোৱাটো খাটাং৷ পিজ্জা কমদামতে পোৱাৰ বাবে এই সামগ্ৰীবিধৰ ক্ৰেতাৰ সংখ্যা অধিক৷ দোকানৰ সন্মুখতে ৰৈ নামনি অসমত পেকেট পিজ্জা খোৱা লোকৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি হৈছে৷ কিন্তু তেওঁলোকে নিজে নজনাকৈ খাই আছে ভৰিৰে ফেনেকা পিজ্জা৷