অসমীয়া যুৱকক ব্যৱসায় কৰিবলৈ নিদিয়ে বিহাৰীয়ে


অসমীয়াৰ বৰঘৰতে উদ্ভণ্ডালি আৰম্ভ কৰিছে বিহাৰীয়ে
মাজৰাস্তাতে অসমীয়া যুৱকক আক্ৰমণৰো সাহস কৰিছে বিহাৰী মজদুৰে৷ অসমীয়া সংখ্যালঘু হৈ পৰা কোনো ঠাইত এইটো ঘটনা হোৱা নাই৷ খিলঞ্জীয়াৰ বৰঘৰস্বৰূপ সোণাৰিত বিহাৰীয়ে ৰামপিটন দিছে অসমীয়া যুৱকক৷ একো ভুল নকৰাৰ পিছতো বিহাৰীৰ চৰ খাবলগীয়া হৈছে খিলঞ্জীয়াই৷ অসমীয়াৰ প্ৰভুত্ব ইমানেই কমিছে যে জন্মভূমিতে খিলঞ্জীয়াৰ ওপৰত হাত তুলিবলৈ হিন্দীভাষীয়ে সাহস পাইছে৷ আপোনাৰ যদি বিশ্বাস হোৱা নাই তেন্তে সোণাৰিৰ দৈনিক বজাৰত এইজন বিহাৰী যুৱকে কৰা উদ্ভণ্ডালি চাওক৷
সেই এলেকাত সম্প্ৰতি বেটেৰী ৰিক্সা চলাই কেবাশ অসমীয়া যুৱকে পেট প্ৰৱৰ্তন কৰি আছে৷ তেওঁলোকৰ প্ৰধান গ্ৰাহক হৈছে সোণাৰিৰ দৈনিক বজাৰলৈ অহা-যোৱা কৰা গ্ৰাহকসকল৷ কিন্তু সেই খিলঞ্জীয়া বেটেৰী ৰিক্সা চালককো শান্তিৰে থাকিবলৈ দিয়া নাই বিহাৰৰ পৰা অহা দুৰ্বৃত্তই৷ জানিব পৰামতে প্ৰায়ে বিহাৰী দুৰ্বৃত্তই অসমৰ ৰিক্সা চালকক মাৰপিট কৰি আছে৷ শেহতীয়াকৈ সোণাৰি দৈনিক বজাৰৰ মাজেৰে যোৱাৰ সময়ত এখন ৰিক্সাই ৰাস্তাৰ মাজতে ৰৈ থকা বিহাৰীক সামান্য খুন্দিওৱাৰ অভিযোগ উত্থাপিত হৈছিল৷
সেইটোকে সুযোগ হিচাপে গ্ৰহণ কৰিলে বিহাৰী যুৱকে৷ তাৰ পিছতে অসমীয়াক আক্ৰমণ কৰা হ’ল৷ বিহাৰী দুৰ্বৃত্তই অসমৰ যুৱকৰ গাড়ী জব্দ কৰিবলৈ চেষ্টা কৰিলে৷ অসমীয়াক গালি পাৰি বিহাৰীয়ে কাঢ়ি ল’বলৈ ধৰিলে বেটেৰী ৰিক্সাৰ ছাবি৷ এই ঘটনাটো সংঘটিত হোৱাৰ সময়তে আৰক্ষীক খবৰ দিয়া বুলি স্থানীয় লোকে দাবী কৰিছে৷ অভিযোগ অনুসৰি বিহাৰীৰ উপদ্ৰৱৰ সময়ত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ফলত বিহাৰীয়ে অসমীয়াক প্ৰহাৰ কৰাৰ দৰে ঘটনা সংঘটিত কৰিবলৈ সাহস পালে৷
এই ঘটনাৰ সময়ত বেটেৰী ৰিক্সা চলোৱা এজন অসমীয়া যুৱকক বিহাৰী দুৰ্বৃত্তই মাৰপিট কৰিলে৷ আনকি অসমীয়া যুৱকজনক ভৱিষ্যতে গাড়ী নচলাবলৈ নিৰ্দেশ দিলে বিহাৰী মজদুৰে৷ সেই সময়ত ৰাস্তাত থকা কোনেও যুৱকজনক ৰক্ষা নকৰিলে৷ দল বান্ধি আক্ৰমণ কৰা বিহাৰী দুৰ্বৃত্তৰ কাণতলীয়া চৰ নীৰৱে সহ্য কৰি থাকিবলগীয়া হ’ল অসমীয়া যুৱকজনে৷ তেওঁৰ গাড়ীও ধ্বংস কৰিবলৈ বিহাৰী মজদুৰে চেষ্টা কৰিলে৷ ঘটনাটোৰ বহু সময়ৰ পিছতহে সোণাৰিৰ অসমীয়া সাৰ পালে৷ তেতিয়াহে আঁতৰি গ’ল বিহাৰী গুণ্ডা৷
এই ঘটনাই প্ৰতিপন্ন কৰিছে অসমীয়াৰ দুৰ্বলতা৷ বিহাৰৰ পৰা অহা দুৰ্বৃত্তই সোণাৰিৰ দৰে নগৰত স্থানীয় যুৱকৰ গাত হাত তুলিবলৈ সাহস কৰাটোৱে খিলঞ্জীয়াৰ দুৰৱস্থা প্ৰমাণ কৰিলে৷ অনাগত সময়ত হয়তো সোণাৰিত অসমৰ যুৱকে সহ্য কৰি থাকিব লাগিব বিহাৰীৰ অতপালি৷ ইতিমধ্যে অৰ্থনীতি দখল কৰাৰ ফলত সোণাৰিত উপদ্ৰৱ কৰিবলৈ বিহাৰীয়ে সাহস পাইছে৷ সেয়ে অসমীয়াই সহ্য কৰিবলগীয়া হৈছে আক্ৰমণ৷ এনে ঘটনাই উজনিতো অসমীয়াৰ অন্তিম দুৰ্গ যে ক্ৰমাৎ ধ্বংস হৈছে সেয়াই প্ৰমাণ কৰিছে৷