স্বামী কিডনী ৰোগত আক্ৰান্ত, সেয়ে পত্নীয়ে ত্যাগ কৰিলে সৰ্বস্ব
তেওঁ কিডনী দান কৰি অসুস্থ স্বামীক দ্বিতীয় জীৱন দিলে
কিন্তু ইমানেই নহয়, পতিব্ৰতা মহিলাগৰাকীয়ে অসুস্থ শৰীৰেৰে পালন কৰিলে কৰৱা চৌথ৷ পৰকীয়া প্ৰেমৰ আধিক্যৰ সময়ত এই মহিলাগৰাকীয়ে ICUতে কৰৱা চৌথ পাতিলে৷ স্বামীক পৰিত্যাগ কৰি দৈনিক অজস্ৰ মহিলাৰ পলায়নৰ খবৰৰ সময়ত সতী সাৱিত্ৰীয়ে যেন দেশত পুনৰ্জন্ম গ্ৰহণ কৰিলে৷ হৃদয়স্পৰ্শী ঘটনাটো দিল্লীত সংঘটিত হৈছে৷ ৰাজধানীৰ অনিতা নামৰ মহিলাগৰাকীৰ স্বামী দীৰ্ঘদিনৰ পৰা কিডনীৰ ৰোগত আক্ৰান্ত হৈ আছিল৷ তেওঁ চিকিৎসা কৰি কোনোমতে জীয়াইহে আছিল৷ কিন্তু শেহতীয়াকৈ দিল্লীৰ ডাক্তৰে হাত দাঙি দিলে৷ ডায়েলাইছিছ কৰিলেও লোকজনক জীয়াই ৰাখিব পৰা নাযাব বুলি প্ৰকাশ কৰিলে দিল্লীৰ ডাক্তৰে৷ কেবাখনো হস্পিতেলত তেওঁৰ চিকিৎসা কৰা হ’ল৷ লোকজনক জীয়াই ৰখাৰ একমাত্ৰ উপায় কিডনী ট্ৰান্সপ্লাণ্ট বুলি চিকিৎসকে ঘোষণা কৰিলে৷ শেষত তেওঁক দিল্লীৰ গংগাৰাম হস্পিতেলত ভৰ্তি কৰা হ’ল৷ লোকজনৰ কিডনী ট্ৰান্সপ্লাণ্টৰ বাবে ডনাৰৰ সন্ধান কৰিলে পত্নীয়ে৷ কিন্তু ক’তো বিচাৰি নাপাই তেওঁ নিজে কিডনী দান কৰিবলৈ থিৰাং কৰিলে৷ সৌভাগ্যক্ৰমে স্বামীৰ সৈতে তেওঁৰ তেজৰ গ্ৰুপ মিলি গ’ল৷ গতিকে কিডনী দান কৰাটো সম্ভৱ হ’ল৷ নিৰ্দিষ্ট তাৰিখত মহিলাগৰাকীয়ে স্বামীৰ বাবে শৰীৰৰ পৰা উলিয়াই দিলে বৃক্ক৷ তেওঁৰ স্বামীয়ে নৱজীৱন লাভ কৰিলে৷ মহিলাগৰাকী স্বামীৰ বাবে ঘূণীয়া হ’ল৷ কিন্তু তেওঁৰ স্বামীভক্তি ইমানতে সমাপ্ত হোৱা নাছিল৷ নিজে অসুস্থ হৈ থাকিলেও তেওঁ স্বামীৰ দীৰ্ঘ আয়ুসৰ বাবে প্ৰাৰ্থনা কৰিব নাপাহৰিলে৷ কিডনী দানৰ অস্ত্ৰোপচাৰৰ বাবে সেই মহিলাগৰাকীও দিল্লীৰ গংগাৰাম হস্পিতেলৰ ICUতে আছিল৷ কিন্তু তেওঁ ICUত থাকোতেই চিকিৎসকৰ পৰা বিচাৰিলে বিশেষ অনুমতি৷ তেওঁ হস্পিতেলতে সৰুকৈ হ’লেও কৰৱা চৌথ পালন কৰিবলৈ অনুমতি বিচাৰিলে৷ আজলী মহিলাগৰাকীৰ কথা শুনি চিকিৎসকে দিলে কৰৱা চৌথ পালনৰ অনুমতি৷ সেইমতে সকলো যোগাৰ কৰি তেওঁ ICUত থকা স্বামীৰ বাবে ব্ৰত কৰিলে৷ চিকিৎসকে জোৰ কৰি তেওঁক পানী খুৱালে৷ তথাপি এদিন উপবাস খাটি তেওঁ দিলে লঘোণ৷ কিডনীৰ অপাৰেশ্যনৰ পিছত আছুতীয়াকৈ ৰখা স্বামীৰ বাবে তেওঁ উপবাসে থাকিল৷
মহিলাগৰাকীয়ে চালনি আৰু বন্তি যোগাৰ কৰি ICUতে পালন কৰিলে কৰৱা চৌথ৷ দিনান্তত তেওঁ সামান্য খাদ্য গ্ৰহণ কৰি ব্ৰত ভংগ কৰিলে৷ কিন্তু স্বামীৰ ওচৰলৈ গৈ তেওঁ পূজা কৰাৰ কোনো ব্যৱস্থা নাছিল৷ সেয়ে দূৰৰ পৰাই স্বামীৰ শ্ৰীমুখ দৰ্শন কৰি মহিলাগৰাকীয়ে ব্ৰত ভংগ কৰিলে৷ তাৰ পিছতহে তেওঁ গ্ৰহণ কৰিলে খাদ্য৷ ICUৰ প্ৰেমকাহিনী দেখি চিকিৎসক হৈ পৰিল অবাক৷ সকলোৱে দিল্লীৰ অনিতাক কৰৱা চৌথৰ ব্ৰত ভংগ কৰাত সহায় কৰিলে৷ ICUতে চিকিৎসক আৰু নাৰ্ছেও অনিতাৰ সৈতে পালন কৰিলে পৱিত্ৰ উৎসৱ৷ তেওঁলোকে অনিতাক ন বোৱাৰীৰ দৰে সজাই তুলিলে৷ হাঁহি হাঁহি অনিতাই কৰিলে পূজা৷
পৰকীয়া প্ৰেমৰ আধিক্যৰ সময়ত অনিতাই স্বামীৰ দীৰ্ঘ জীৱনৰ প্ৰাৰ্থনা কৰি কৰৱা চৌথ পালন কৰাৰ দৃশ্যটো গংগাৰাম হস্পিতেল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে৷ অনিতাৰ পতিভক্তিৰ বাবে গংগাৰাম হস্পিতেলে ৰেহাই দিছে খৰচ কিছু অংশ৷ তেওঁলোকে হস্পিতেলত অনিতাৰ স্বামীৰ ফ্ৰী চিকিৎসাৰ ঘোষণা কৰিছে৷



